কবি: আকাশটুলটুল বৰ্মন
মই তেওঁক এশ মৰম দিলো
তেওঁ মোকো এশ মৰম দিলে
মই তেওঁক এশ চুমা দিলো
তেওঁ লাজ লাজ কৈ ললে।
মই তেওঁক জোৰকৈ এশবাৰ ধৰিলো
তেওঁ দহ বাৰ আঁতৰিব বিচাৰিলে।
মই তেওঁৰ নামত এশ টকা খৰচ কৰিলো ।
তেওঁ আৰু এক্সত্ৰা এশ টকা বিচাৰিলে।
মই আৰু এশ দিলো
তেওঁ থপিয়াই নিলে।
এনেকৈয়ে এশ এশ কৈ দিনবোৰ বাগৰিল।
মই তেওঁৰ বাবে এশ টকা উপাৰ্জন কৰিব নোৱাৰা হলো।
পঞ্চাশ টকা তেওঁক দিলো।
তেওঁ পঞ্চাশ টকা নললে
তেওঁৰ পৰা এশ মৰম বিচাৰিলো
তেওঁ ষাঠি মৰম দিলে।
এশ চুমা বিচাৰিলো
এটা চুমা দি আতৰিলে।
মই তেওঁক এশ বাৰ সাৱতি ধৰিব বিচাৰিলো।
তেওঁ বেলেগৰ এশ টকাৰ লোভত বেলেগক এশ বাৰ সাৱতিলে।
মোৰ এশ আশাত তেওঁ বিয়োগ এশ ফাকি দিলে।
বাকি ৰল শুণ্য …..
এটা বিগ জিৰো।
তেওঁৰ বিচ্ছেদৰ বেদনাত এশবাৰ কান্দিলো।
তেওঁ অইনৰ লগত মোক এৰি এশবাৰ হাঁহিলে।
তেওঁৰ এশবাৰ হাঁহিত মই এশটা শিক্ষা পালো…
যে এশ মৰম তেওঁলোকক কেতিয়াও দিব নালাগে
দিব লাগে মৰম দহ,
তেতিয়া এশৰ দহ গ’লে বাকি ৰয় নব্বৈ।
সেই খিনি জমা থলে বিচ্ছেদৰ চকুপানী নোলায়।
কাৰণ তেওঁলোকৰ পৰা মই মাত্ৰ দহ মৰম হেৰাম।
উল্টা তেওঁলোকৰ পৰা ষাঠি মৰম পাম এইটো খাটাং।
মোৰ হেৰাই যোৱা দহ মৰমখিনি তেওঁলোকৰ ষাঠিৰ পৰা আজুৰি লম।
মোৰ মৰম পুনৰ এশ হ’ব।
কিন্তু মই লাভ কৰিম এক্সত্ৰা পঞ্চাশ যিখিনি তেওঁলোকৰ পৰা আহিব।
তেওঁলোক আতৰিলেও মোৰ আৰু দুখ নাই
কাৰণ মই এশ মৰমৰ মালিক।